ভাস্কৰ নগৰ আৰু লাচিত নগৰত খাদ্য সামগ্ৰী, মাস্ক বিতৰণ

58

ষ্টাফ ৰিপোৰ্টাৰ: লকডাউনৰ এই সময়চোৱাত অসমৰ বিভিন্ন ঠাইৰ আৰ্তজনৰ কাষত থিয় দিছে সমাজৰ হৃদয়বান লোকসকল আৰু বিভিন্ন সমাজসেৱী সংস্থা| এনে এক সময়তে অসমৰ বেচৰকাৰী সংস্থা ” হিউমেন পাৱাৰ ফাউণ্ডেচন “ৰ উদ্যোগত বুধবাৰে গুৱাহাটীৰ ভাস্কৰ নগৰত ৩০ টা আৰু লাচিত নগৰত ১৭ টা পৰিয়ালৰ মাজত খাদ্যসামগ্ৰীৰ লগতে মাস্ক বিতৰণ কৰা হয়।সামগ্ৰীসমূহ বিতৰণ কৰি সংস্থাটোৰ সাধাৰণ সম্পাদক অঞ্জনা দাসে উপস্থিত কয় ” আমি বিগত ৫০ দিন ধৰি এই কাৰ্যসূচী অব্যাহত ৰাখিছোঁ । এনে এক সময়ত এজনে আনজনৰ কাষত থিয় দিয়াৰ প্ৰয়োজনীয়তা আহি পৰিছে আৰু সেয়েহে সজাগতাৰ সৃষ্টি কৰিবৰ বাবে এনে কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।”