ভাল খবৰ! গুৱাহাটীত মুকলি কৰা হ’ব ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ অফ-কেম্পাছ ফেচেলিটী

406

ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ এক অফ-কেম্পাছ ফেচিলিটী মুকলি কৰা হ’ব গুৱাহাটীত। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় গেজেটত এই সন্দৰ্ভত এক জাননী প্ৰকাশ কৰে।

প্লেটফৰ্ম ‘এক্স’ (পূৰ্বতে টুইটাৰ নামেৰে পৰিচিত)ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একেটা কামৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক কৃতজ্ঞতা জ্ঞাপন কৰে।

“গুৱাহাটীত ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ চৌহদ আনুষ্ঠানিকভাৱে দিয়াৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী আৰু মাননীয় গৃহমন্ত্ৰী মহোদয়লৈ গভীৰ ধন্যবাদ। আমাৰ অঞ্চলত অপৰাধমূলক তদন্তক আধুনিকীকৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ।’-তেওঁ লিখিছে।

চলিত বৰ্ষৰ আৰম্ভণিতে অসম চৰকাৰে ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীত ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় স্থাপনৰ বাবে অনুমতি দিছিল।