নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্যৰ নিবনুৱা সকলক এক ভাল খবৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ৰাজ্যত শীঘ্ৰে ১ লাখ নিবনুৱাক নিযুক্তি প্ৰদান কৰা হ’ব বুলি টুইটযোগে ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ।
ইয়াৰে অংশ হিচাপে অহা ১৪ মে’ত ২৩ হাজাৰ নিযুক্তি প্ৰদান কৰিব অসম চৰকাৰে।
স্বাস্থ্য, শিক্ষা আৰু গৃহ বিভাগত হ’ব এই বৃহৎ নিযুক্তি।
উল্লেখ্য যে, নিৰ্বাচনৰ প্ৰাক ক্ষণত ১ লাখ নিবনুৱাক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰীয়ে।
কিন্তু তাৰ পৰৱৰ্তী সময়ত অতি কম সংখ্যক নিযুক্তি বিজ্ঞাপন প্ৰকাশ পোৱাত নিবনুৱাসকল ক্ষুব্ধ হৈ পৰিছিল।
