ভাল খবৰঃ বাতিল হল নগাঁও আৰু কাছাৰ কাগজ কলৰ নিলাম

131

অৱশেষত বাতিল হল নগাঁও আৰু কাছাৰ কাগজ কলৰ নিলামী প্ৰক্ৰিয়া। উল্লেখ্য যে, কাগজ কল দুটাৰ নিলামী প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছতো কোনো গ্ৰাহক কাগজ কল দুটা ক্ৰয়ৰ বাবে আগবাঢ়ি নহাত অৱশেষত বাতিল হয় এই নিলাম প্ৰক্ৰিয়া।

প্ৰণিধানযোগ্য যে, ১ জুনত লিকুৱেটৰ কুলদ্বীপ বাৰ্মাই কাগজ কল দুটাৰ নিলামৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল। এই নিৰ্দেশনাত কাগজ কল দুটাৰ নিলামত অংশ লোৱাৰ পূৰ্বে আগ্ৰহী গ্ৰাহকক EMD ৫৫ কোটি টকা জমা দিবলৈ নিৰ্দেশ দিয়া হৈছিল। অহা ৩০ জুনত অনুষ্ঠিত হোৱাৰ কথা আছিল নগাঁও আৰু কাছাৰ কাগজ কল দুটাৰ নিলাম। কিন্তু কল দুটা ক্ৰয় কৰিবলৈ কোনো আগবাঢ়ি নহাত অৱশেষত এই নিলাম প্ৰক্ৰিয়া বাতিল কৰিবলগা হয়।

ইফালে কাগজ কল দুটাৰ নিলাম বাতিল হোৱাৰ পিছতে এতিয়া মুখত কিঞ্চিৎ হাঁহি বিৰিঙিছে কাগজ কল দুটাৰ সৈতে জড়িত কৰ্মচাৰী সকলৰ। উল্লেখ্য যে, কাগজ কল দুটাৰ নিলামৰ নিৰ্দেশনা জাৰি কৰাৰ পিছতে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি আহিছিল কৰ্মচাৰীসকলে।