ভাউৰীয়াভিঠাত অবৈধ ভাং খেতিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

92

দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ জোৰশিমুলী আৰক্ষী এলেকাধীন ভাউৰীয়াভিঠাত অবৈধ ভাং খেতিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷

জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিত ডেকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই আজি ভাউৰীয়াভিঠাত অতৰ্কিতভাৱে অভিযান চলায়৷

আৰক্ষীৰ অভিযানত ভাউৰীয়াভিঠা গাঁৱৰ মৈজুদ্দিনৰ নিজৰ ঘৰত গোপনে ৰোপন কৰা কেইবাটাও ভাংগছ কাটি ধ্বংস কৰে৷

পিচত আৰক্ষীয়ে ভাংগছ কেইটা জ্বলাই নষ্ট কৰে৷

আৰক্ষীয়ে ধ্বংস কৰা ভাংখিনিৰ বজাৰ মূল্য আনুমানিক ডেৰ লক্ষাধিক টকা হ’ব বুলি জানিব পৰা গৈছে।