ভলাগুৰি সত্ৰ সমবায়লৈ নাবাৰ্ডৰ ‘গুড-পাৰ্ফমেন্স’ বঁটা

62

শতবৰ্ষ গৰকা কলিয়াবৰৰ ভলাগুৰি সত্ৰ সমবায় সমিতিয়ে এইবাৰ নাবাৰ্ডৰ ‘গুড-পাৰ্ফমেন্স’ বঁটা লাভ কৰিবলৈ সক্ষম হোৱাৰ খবৰে আনন্দিত কৰিছে সমবায়খনৰ সৈতে জড়িত বৃহত্তৰ অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজৰ লগতে কলিয়াবৰবাসীক। সমবায়খনৰ সভাপতি মন্টু বৰুৱাই জনোৱা মতে নাবাৰ্ডৰ ‘ই-শক্তি’ প্ৰকল্পৰ আঁচনিখন সফলভাৱে ৰূপায়ণ কৰি ৰাজ্যৰ পাঁচখন জিলাৰ ভিতৰত ‘ভলাগুৰি সত্ৰ সমবায় সমিতি’য়ে লাভ কৰিবলৈ সক্ষম হৈছে এই বঁটা।

‘ষ্টেট ক্ৰেডিট চেমিনাৰ’ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা ১৮ জানুৱাৰীত নাবাৰ্ডৰ এই বঁটা গ্ৰহণ কৰে সমবায় সমিতখনে। জানিব পৰা মতে নাবাৰ্ডৰ ই-শক্তি প্ৰকল্প আঁচনিৰ জৰিয়তে ১১০০টা আত্মসহায়ক গোটৰ কাম-কাজৰ সকলো তথ্য যোগান ধৰিছিল ভলাগুৰি সত্ৰ সমবায় সমিতিয়ে।

উল্লেখ্য যে বৃটিছৰ শাসন কালতে ১৯২০ চনত কলিয়াবৰৰ কেইগৰাকীমান দূৰদৰ্শী ব্যক্তিৰ আশাশুধীয়া প্ৰচেষ্টাত জন্ম লাভ কৰা সমবায় সমিতিখনে ইতিমধ্যে দাঙি ধৰিবলৈ সক্ষম হৈছে ৰাজ্য তথা দেশৰ ভিতৰতে উৎকৃষ্টতাৰ নিদৰ্শন।এই ক্ষেত্ৰত সমবায় সমিতিখনৰ কৰ্মকৰ্তাসকলৰ শলাগ লৈছে কলিয়াবৰবাসী ৰাইজে।