উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জত বুধবাৰে নিশা এখন যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণহীন হৈ এখন দলঙত খুন্দা মাৰি বাগৰি পৰাত ৪০ জন লোক যাত্ৰী গুৰুতৰভাৱে আহত হয়।
নিশা দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়তে ৫১ জন লোক কঢ়িয়াই অনা বাছখন গোৰখপুৰৰ পৰা মহাৰাজগঞ্জলৈ গৈ আছিল।
মহৰাজগঞ্জৰ সদৰ কোতৱালি থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক ৰবি ৰায়ে কয় যে, ২৪ জন আহত যাত্ৰীক জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
ৰাইয়ে জনোৱা মতে, সামান্য আঘাতপ্ৰাপ্ত আন ১৬জন যাত্ৰীক স্থানতে প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়।
বৃহস্পতিবাৰে মহৰাজগঞ্জৰ জিলা দণ্ডাধীশ সতেন্দ্ৰ কুমাৰ আৰু এছ পি কৌস্তুভে আহতসকলক ভৰ্তি কৰা জিলা চিকিৎসালয়খন পৰিদৰ্শন কৰে।