ভঙাগড় অঞ্চল আৰু নেমকেয়াৰ হাস্পতাল কনটেইনমেণ্ট জ’ন ৰূপে ঘোষণা নকৰাত আচৰ্য প্ৰকাশ

87


গুৱাহাটী যুৱ আৰু নাগৰিক সমিতিৰ

ষ্টাফৰিপোৰ্টাৰ, ২২ মে’ : গুৱাহাটী যুৱ আৰু নাগৰিক সমিতিৰ সভাপতি কৈলাশ শৰ্মা আৰু সাধাৰণ সম্পাদক ৰাজেশ শৰ্মাই ভঙাগড়স্থিত দিনেশ ওজাঁ‌ পথত ৰাজীৱ ৰায় কভিড-১৯ত আক্ৰান্ত হোৱাৰ পাছতো অতি আচৰ্য্যজনক ভাৱে এতিয়ালৈকে উক্ত অঞ্চলটোৰ লগতে নেমকেয়াৰ হাস্পটালক কনটেইনমেণ্ট জ’ন ৰূপে জিলা প্ৰশাসনে ঘোষণা নকৰাত আচৰ্য্য প্ৰকাশ কৰাৰ লগতে এই দুয়োটা অঞ্চলক সম্পূৰ্ণৰূপে চেনিটাইজ কৰাৰ উপৰিও অতি শীঘ্ৰে কনটেইনমেণ্ট জ’নৰূপে ঘোষণা কৰিবলৈ আহ্বান জনাইছে। অন্যথা এই অঞ্চলত যদিহে বিভাগীয় গাফিলতিৰ বাবে আৰু অধিক লোক আক্ৰান্ত হয়,তেন্তে ইয়াৰ বাবে জিলা প্ৰশাসন জবাবদিহি হ’ব লাগিব বুলি সভাপতি আৰু সাধাৰণ সম্পাদকদ্বয়ে জানিবলৈ দিছে আৰু এইক্ষেত্ৰত গুৱাহাটীৰ স্থানীয় নাগৰিক সকলক সকলো সময়তে সজাগ আৰু সচেতন হৈ থাকি কৰ’না ভাইৰাছৰ বিৰুদ্ধে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থকা এই মহাযুদ্ধ খনত সকলোফালৰ পৰা সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছে।