ভগৱান ৰামচন্দ্ৰক কাল্পনিক চৰিত্ৰ বুলি অভিহিত কৰি বিতৰ্কত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী

65

ভগৱান শ্ৰী ৰামচন্দ্ৰক লৈ মন্তব্য কৰি বিতৰ্কত আৱৰ্তত সোমাই পৰিছে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জিতন ৰাম মাঝি।

নিজৰ নামৰ মাজতে ৰামক সামৰি ৰখা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা হিন্দুস্তানী আৱাম মৰ্চাৰ সভাপতি জিতন ৰাম মাঝিয়ে ভগৱান ৰামচন্দ্ৰক এক কাল্পনিক চৰিত্ৰ বুলি অভিহিত কৰাৰ পিছতে সৃষ্টি হৈছে তুমুল বিতৰ্কৰ।

পাটনাত অনুষ্ঠিত এক অনুষ্ঠানত অংশ লৈ মাঝিয়ে কয়, “আমি ৰামক বিশ্বাস নকৰোঁ। তেওঁ মানুহ নাছিল, তেওঁ আচলতে এটা কাল্পনিক চৰিত্ৰ।”

অৱশ্যে ৰামায়ণৰ কথা উল্লেখ কৰি তেওঁ কয়, “ৰামায়ণত থকা কেতবোৰ শাৰী পঢ়িব পৰা,বুজিব পৰা। আমি সেই বিষয়ে আলোচনা কৰোঁ। কিন্তু মই এয়া বিশ্বাস কৰিবলৈ সাজু নহয় যে ৰাম ভগৱান আছিল।”

জিতন ৰাম মাঁঝিয়ে লগতে কয়, “আমাৰ ভাতৃসকলে জয় ভীম ক’ব, কিন্তু যেতিয়া জয় ভীম কোৱা হয় তেতিয়া ভিতৰে ভিতৰে আমাৰ প্ৰচণ্ড খং উঠে। আমি বাবা আম্বেদকাৰৰ অযোগ্য সন্তান। ইয়াৰ কাৰণ হৈছে আমি কেৱল তেওঁৰ নাম লৈ আছো। জয় ভীম বুলি কওঁতে দুটা বিষয় সন্মুখলৈ আহে। সেয়া চৰকাৰৰ বাবে আৰু আমাৰ বাবেও। ১৯৫৬ চনত মৃত্যু হোৱাৰ আগতে বাবা আম্বেদকাৰৰ হিন্দু ধৰ্মত মৃত্যু হোৱা নাছিল। তেওঁ বৌদ্ধ ধৰ্মত মৃত্যুবৰণ কৰিছিল।”