ভগ্ন মথাউৰি নিৰ্মাণৰ নামত ঠিকাদাৰৰ কমিশ্যনৰ অংক, নলবাৰীত নিদ্ৰা হৰিছে নৈপৰীয়াৰ…

169

আইদুল হুছেইন, নলবাৰীঃ সোণৰ কণী দিয়া হাঁহৰ দৰে হৈ পৰিছে ভগ্ন মথাউৰি নিৰ্মাণৰ কাম। বাৰিষা অহাৰ লগে লগে তীব্ৰ গতিত আগবঢ়া মথাউৰি নিৰ্মাণৰ কামৰ নামত ঠিকাদাৰ-অভিযন্তাই সৰকাই আহিছে লাখ লাখ টকা। কিন্তু সামান্য এজাক বৰষুণৰ পিছতে অথবা নৈৰ পানী কিছু বাঢ়িলেই তেনে মথাউৰিত দেখা যায় বৃহৎ বৃহৎ ফাঁট।

তেনে এটা মথাউৰিয়েই হৈছে নলবাৰী জিলাৰ পোখৰাৰ বুঢ়াদিয়া নৈৰ মথাউৰিটো। প্ৰতিটো বাৰিষাতে এই মথাউৰিটোৰ মেৰামতিৰ কাম চলে। কিন্তু ঠিকাদাৰে কাম সম্পন্ন কৰাৰ দুদিন পিছতে পুনৰ ফাঁঁট মেলে মথাউৰিয়ে। যাৰ বাবে বাৰিষাৰ দিনত এক আতংকৰ জীৱন পাৰ কৰিবলগা হয় নৈপৰীয়া ৰাইজে।

ৰাইজৰ অভিযোগ অনুসৰি ঠিকাদাৰে মথাউৰিটোৰ মেৰামতিৰ বাবে আৱণ্টিত টকাৰ আধাখিনিহে নিৰ্মাণৰ নামত ব্যয় কৰি আহিছে। যাৰ পৰিণতিত নিদ্ৰা হৰণ হৈছে অঞ্চলবাসীৰ। পোখৰাবাসী ৰাইজে এইবাৰ মথাউৰিটোৰ মেৰামতিৰ কামক লৈও অসন্তুষ্টি ব্যক্ত কৰিছে।