ষ্টাফৰিপোৰ্টাৰ, ২৯ এপ্ৰিল :: বৰ্ষীয়ান মুক্তিযোদ্ধা, প্ৰবীন গান্ধীবাদী নেত্ৰী ,পদ্মশ্ৰী হেম ভঁড়ালী আৰু নাই । বুধবাৰে বিয়লি ৩.৩০ বজাত গুৱাহাটীৰ পূব-শৰণীয়াস্থিত নিজ বাসগৃহত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ জীৱন্ত দলিল বুকুত বান্ধি লৈ ফুৰা স্বৰাজ আন্দোলনৰ বীৰাংগনা গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ১০২ বছৰ । ভাৰত চৰকাৰে পদ্মশ্ৰী, জাতীয় সংহতি বঁটা আদি বিভিন্ন সন্মানেৰে বিভূষিত কৰা স্বাধীনতা সংগ্ৰামী হেম ভড়ালীয়ে ৪২’ৰ আন্দোলনত কেইবাবাৰো কাৰাবাস খাটিছিল । বিনোৱা ভাৱেৰ ‘ভূদান যজ্ঞ’ত সক্ৰিয়ভাৱে অংশ লৈ তেওঁ ৰঙিয়াকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পদব্ৰজে প্ৰচাৰ কাৰ্য্য চলাই জনসাধাৰণক উদ্বুদ্ধ কৰি তুলিছিল । ৱাৰ্ধাত বুনিয়াদী শিক্ষাৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰি পিছলৈ তেওঁ গুৱাহাটীৰ পূব-শৰণীয়াত ‘কস্তুৰবা আশ্ৰম’ স্থাপনত আগভাগ লৈ গান্ধীজীৰ বুনিয়াদী শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কামত গুৰিবঠা হাতত লৈছিল । কস্তুৰবা আশ্ৰমত সুদীৰ্ঘ দিন ধৰি সমাজ সংস্কাৰৰ কামত ব্ৰতী হৈ থকা ভাৰতৰ সংগ্ৰামী ইতিহাসৰ মহিয়সী হেম ভড়াঁলীয়ে সমাজৰ বিভিন্ন শ্ৰেণীৰ মহিলাক একগোট কৰি আত্মসহায়ক গোট স্থাপনৰ জৰিয়তে বোৱা-কটা আদি খাদী- গ্ৰামোদ্যোগ , কুটিৰ শিল্পৰ জৰিয়তে স্বনিয়োজনৰ পথ দেখুৱাৰ লগতে গান্ধী- দৰ্শন আৰু গ্ৰাম-স্বৰাজৰ সোপান অংকণ কৰিছিল । ঢকুৱাখনাত শৈশৱ অতিবাহিত কৰা হেম ভড়াঁলীয়ে লাভ কৰিছিল অসম চৰকাৰৰ মুক্তিযুঁজাৰু পেঞ্চনকে ধৰি বহু সন্মান । বাৰ্ধক্যজনিত কাৰণত প্ৰায় এটামাহে গুৱাহাটীৰ এখন ব্যক্তিগত নাৰ্চিং হ’মত চিকিৎসাধীন হৈ থাকি মৃত্যৰ দুমাহ আগলৈকে তেওঁ আছিল নিজ বাসগৃহতে । মৃত্যুৰ পূৰ্বে তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালক দান কৰি থৈ গৈছিল তেওঁৰ শৰীৰ । বুধবাৰে তেওঁৰ নশ্বৰ দেহ চিকিৎসা মহাবিদ্যালয় খনলৈ অনা হয় । তেওঁৰ মৃত্যুত অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ সঞ্চালক অনুপম চৌধুৰী, নিখিল ভাৰত মুক্তিযুঁজাৰু সমিতিৰ উপ-সভাপতি তথা অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনীৰ সভাপতি কৃষ্ণ লহকৰে গভীৰ শোক প্ৰকাশ কৰে ।
বিশিষ্ট গান্ধীবাদী, স্বাধীনতা সংগ্ৰামী পদ্মশ্ৰী হেম ভৰালীৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গভীৰ শোক প্ৰকাশ। ৰাজ্যিক মৰ্য্যাদাৰে শেষকৃত সম্পন্ন কৰাৰ বাবে যাৱতীয় পদক্ষেপ ল’বলৈ মুখ্য সচিবক নিৰ্দেশ মুখ্যমন্ত্ৰী সোণোৱালৰ ।
বিশিষ্ট মুক্তিযোদ্ধা,গান্ধীবাদী নেত্ৰী হেম ভৰালীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ সভাপতি ৰণজিৎ কুমাৰ দাসে। এই শোকবাৰ্তা যোগে সভাপতি গৰাকীয়ে প্ৰয়াত নেত্ৰী গৰাকীৰ বৈকুণ্ঠগামী আত্মাৰ চিৰশান্তিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে । লগতে, তেওঁৰ শোকসন্তপ্ত পৰিয়ালবৰ্গ,আত্মীয়-আত্মীয়-স্বজন আৰু গুণমুগ্ধৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছে ।