বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনতেই উত্তপ্ত সদন

69

ডিজিটেল ডেস্কঃ আজিৰে পৰা আৰম্ভ হ’ল বহু প্ৰতিক্ষিত সংসদৰ বৰ্ষাকালীন অধিৱেশন। কিন্তু অধিৱেশনৰ আৰম্ভণিৰ দিনটোতে সদনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে বিৰোধীয়ে। প্ৰধানমন্ত্ৰীৰ ভাষণ আৰম্ভ হোৱাৰ ক্ষন্তেক পিছতে বিৰোধীয়ে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰাত দিনৰ ২ বজালৈ সদন স্থগিত ৰাখিবলৈ বাধ্য হয় অধ্যক্ষ ওম বিৰলাই।

দৰাচলতে কেন্দ্ৰীয় কেবিনেটৰ নতুন মন্ত্ৰীসকলৰ পৰিচয় কৰাই দিবলৈ অধ্যক্ষ ওম বিৰালাই প্ৰধানমন্ত্ৰীক দায়িত্ব অৰ্পণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে থিয় হৈ ভাষণ আৰম্ভ কৰাৰ কিছু মুহূৰ্ত পিছতেই সংসদত বিৰোধীয়ে চৰকাৰী বিৰোধী শ্ল’গান দি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। যাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীয়ে বিৰোধীৰ বিৰুদ্ধে সদনৰ মৰ্যাদা হানিৰ অভিযোগ তুলি অধ্যক্ষৰ দৃষ্টিগোচৰ কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, যে আজি মহিলা, দলিত আৰু কৃষকৰ সন্তানসকলেও মন্ত্ৰিত্ব লাভ কৰিবলৈ সক্ষম হৈছে। যিটো বিৰোধীয়ে পচন্দ কৰা নাই, সেয়ে সদনৰ মৰ্যাদা হানি কৰাত নামি পৰিছে।

ইফালে সদনত আজি পেগাছাছ স্পাইৱেৰ কেলেংকাৰী সন্দৰ্ভত অধিক তথ্য বিচাৰি প্ৰশ্নৰ উত্থাপন কৰে চিপিআইৰ সাংসদে। চিপিআই সাংসদৰ দাবীত সমৰ্থন আগবঢ়াই আপ সাংসদ সঞ্জয় সিঙেও ৰাজ্যসভাত জাননী জাৰি কৰে। সাংসদ গৰাকীয়ে কয় যে পেগাছাছ স্পাইৱেৰৰ মাধ্যমত যিদৰে দেশত সাংবাদিক আৰু বিৰোধী মন্ত্ৰীসকলৰ ফোন টেপিং কৰি হৈ আছে, সেই সন্দৰ্ভত আলোচনা হোৱা উচিত।

আনহাতে আজি পেট্ৰ’লজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি চাইকেলত উঠি সদনত উপস্থিত হয় তৃণমূল কংগ্ৰেছৰ সাংসদসকল। তেওঁলোকে পণ্যজাত সামগ্ৰীৰ মূল্যবৃদ্ধি সন্দৰ্ভত সদনত আলোচনা হোৱাৰ দাবী জনায়।