বৰ্তমানৰ ১৫১ জন বিধায়ক-সাংসদৰ ওপৰত আছে মহিলাৰ বিৰুদ্ধে নিৰ্যাতনৰ গোচৰ

195

শেহতীয়াকৈ কলকাতাত এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ ঘটনা পোহৰলৈ আহিছিল, যিয়ে দেশবাসীক হতবাক কৰি তুলিছিল। দেশবাসী পুনৰ নাৰীৰ সুৰক্ষা বিচাৰি ৰাজপথত নামিবলৈ বাধ্য হৈছিল। ইয়াৰ মাজতে এছ’চিয়েচন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছ (এডিআৰ)ৰ এক প্ৰতিবেদন প্ৰকাশ কৰে, যি প্ৰতিবেদন অনুসৰি  ১৫১ জন বৰ্তমানৰ বিধায়ক আৰু সাংসদৰ মহিলাৰ বিৰুদ্ধে নিৰ্যাতনৰ গোচৰ আছে।

৩০০ পৃষ্ঠাৰ এই প্ৰতিবেদনত কিমান জন সাংসদ আৰু বিধায়কৰ বিৰুদ্ধে মহিলাৰ বিৰুদ্ধে অপৰাধ, ধৰ্ষণৰ অভিযোগ উত্থাপিত হৈছে সেই বিষয়ে তথ্য আছে। লগতে, কোন দলৰ পৰা কিমান জন বিধায়ক আৰু সাংসদ আছে সেই বিষয়ে তথ্য দিয়া হৈছে।

এই প্ৰতিবেদনৰ বাবে এডিআৰ আৰু নেচনেল ইলেকচন ৱাচে দেশৰ মুঠ ৪,৮০৯জন বৰ্তমানৰ সাংসদ আৰু ৪,৬৯৩ জন বিধায়াকে নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা শপতনামাবোৰ যুটীয়াভাৱে অধ্যয়ন কৰিছে। এডিআৰ আৰু ইলেকচন ৱাচে ২০১৯ আৰু ২০২৪ চনৰ ভিতৰত অনুষ্ঠিত উপ-নিৰ্বাচনকে ধৰি সকলো নিৰ্বাচনৰ সময়ত দাখিল কৰা শপতনামাৰ পৰা এই তথ্য সংগ্ৰহ কৰিছে।