বৰাকত অসমীয়া ভাষাৰ বেনাৰত কলা ৰং সানি বাংলা ভাষা ব্যৱহাৰৰ দাবী জনোৱা বৰাক ডেম’ক্ৰেটিক ফ্ৰণ্ট আৰু বৰাক ডেম’ক্ৰেটিক য়ুথ ফ্ৰণ্টৰ বিৰুদ্ধে হাতীগাঁও থানাত এজাহাৰ দাখিল সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ।
সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ সাধাৰণ সম্পাদক বিদ্যুৎ কলিতাই এজাহাৰ দাখিল কৰি প্ৰদীপ দত্ত ৰয় আৰু হৃষীকেশ দত্তৰ নেতৃত্বত এই দুষ্কাৰ্য সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে। এই দুজন নেতাক বৰ্জন কৰিবলৈ বেংগলী জনতাক আহ্বান জনোৱাৰ লগতে এই ঘটনাত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰে সংগঠনটোৱে।
বিদ্যুৎ কলিতাই কয় যে যদি শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰিব পাৰে তেন্তে তেওঁলোকক কিয় নোৱাৰে। অভিযুক্তক ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিছে সদৌ অসম একত্ৰিত যুৱ পৰিষদে। প্ৰদীপ দত্ত নহৈ প্ৰদীপ হুছেইন হ’লে চাগে ইমান সময়ে গ্ৰেপ্তাৰ হ’লহেঁতেন বুলি মন্তব্য। প্ৰদীপ দত্তক গ্ৰেপ্তাৰ কৰি বিজেপি যে সাম্প্ৰদায়িক নহয় সেয়া প্ৰমাণ কৰিবলৈ আহ্বান জনায় বিদ্যুৎ কলিতাই।
