বুধবাৰে দেৰগাঁৱত হোৱা বনভোজ দলৰ শোকাৱহ বাছ দুৰ্ঘটনাৰ পিছতেই যেন সাৰ পালে অসম আৰক্ষী। দুৰ্ঘটনাৰ পিছতে বুধবাৰে অসম আৰক্ষীয়ে বনভোজৰ দলৰ প্ৰতি জাৰি কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ বিশেষ নিৰ্দেশনা (SOP)। এই বিশেষ নীতি-নিৰ্দেশনা অনুসৰি-
বনভোজলৈ যোৱা বাহনসমূহত যাতে ভিৰ নহয় সেইটো নিশ্চিত কৰিব লাগিব।
বনভোজস্থলীৰ আশে-পাশে অবৈধ সুৰাৰ ব্যৱসায় কৰিব নোৱাৰিব।
বনভোজলৈ যোৱা বাহনসমূহৰ চালকসকলে বাহন চলোৱাৰ পূৰ্বে কোনো ধৰণৰ মাদকদ্ৰব্য সেৱন কৰিব নোৱাৰিব।
বাহনসমূহত উচ্চস্তৰত সংগীত বজাব নোৱাৰিব।
সূৰ্যোদয়ৰ পূৰ্বে আৰু সূৰ্যাস্তৰ পিছত বনভোজ দলৰ যাতায়ত বন্ধ হ’ব লাগিব।
স্থানীয় আৰক্ষীক বনভোজ ভ্ৰমণৰ উৎসস্থান আৰু লক্ষ্যস্থানৰ সবিশেষ আগতীয়াকৈ অৱগত কৰিব লাগিব।
স্থানীয় আৰক্ষীক এটা তদন্তকাৰী গোট গঠনৰ পৰামৰ্শ, আৰু যদি প্ৰয়োজন হয় তেন্তে গাঁওৰক্ষী বাহিনীৰ সহায় লৈ বনভোজস্থলীত অবৈধ সুৰাৰ ব্যৱসায় আৰু আবৈধ কাম-কাজ নীৰিক্ষণ কৰাৰো পৰামৰ্শ।
স্পৰ্শকাতৰ বনভোজস্থলী আৰু ইয়াৰ আশে-পাশে পৰ্যাপ্ত পোহৰ ব্যৱস্থা কৰাৰ পৰামৰ্শ।
বনভোজস্থলীত পৰ্যাপ্ত পাৰ্কিং স্থানৰ ব্যৱস্থা কৰাৰ পৰামৰ্শ।
বনভোজ দলৰ বাহনৰ চালকে জোতা পিন্ধাটো বাধ্যতামূলক।
বনভোজৰ দলসমূহক কুঁৱলীৰ সময়ত যাত্ৰা নকৰিবলৈও পৰামৰ্শ।