বৰলুং বদলাচুকৰ পৰা নাবালিকা ধর্ষণকাৰীক গ্ৰেপ্তাৰ চিচিবৰগাঁও আৰক্ষীৰ

80

বৰলুং বদলাচুকৰ পৰা নাবালিকা ধর্ষণকাৰীক গ্ৰেপ্তাৰ চিচিবৰগাঁও আৰক্ষীৰ । আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ ।উল্লেখযোগ্য যে ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ ভিতৰুৱা অঞ্চলসমূহত দিনকদিনে বৃদ্ধি পাইছে নাৰীজনীত অপৰাধৰ সংখ্যা । কালি নিশা বৰলুং পঞ্চায়তৰ বদলাচুক গাঁৱৰ পৰা নাবালিকা ধর্ষণকাৰীক গ্ৰেপ্তাৰ কৰিছে চিচিবৰগাঁও আৰক্ষীয়ে । জানিব পৰা অনুসৰি পংকজ ছেত্ৰী নামৰ ২৩ বছৰীয়া লম্পটটোৱে একে গাঁৱৰে এগৰাকী ১৪ বছৰীয়া কিশোৰীক সন্ধিয়া প্ৰায় ৬.৩০ বজাত এটা কালভাৰ্টৰ কাষলৈ মাতি নি কালভাৰ্টটোৰ তলত উপৰ্যুপৰি ধৰ্ষণ কৰে । উক্ত কাণ্ড দেখা পায় গাঁৱৰে এজন বয়স্ক লোকে হাতেলোতে দুয়োকে কৰায়ত্ব কৰি চিচিবৰগাঁও আৰক্ষীক খবৰ দিয়ে আৰু চিচিবৰগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ধর্ষণকাৰী পংকজ ছেত্ৰীক আটক কৰি নিশা আৰক্ষী চকীলৈ লৈ আনে । আৰক্ষীয়ে চিলাপথাৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬(৩) ধাৰা আৰু POSCO আইনৰ ৬ নং ধাৰাত ২১৬/২০২২ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰি বলাৎকাৰী যুৱক পংকজ ছেত্ৰীক আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ।