বৰযাত্ৰী কঢ়িওৱা বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু ৪ জনৰ, আহত ৯ জন…

79

শনিবাৰে উত্তৰ প্ৰদেশৰ ফতেহপুৰ ছিকৰী অঞ্চলত বিবাহ যাত্ৰী কঢ়িয়াই অনা এখন জীপ আৰু ট্ৰাকৰ খুন্দাত ৪ জন লোক নিহত হোৱাৰ লগতে ৯ জন আহত হয়।

আগ্ৰা-জয়পুৰ ঘাইপথৰ কোৰাই টোল প্লাজাত পুৱা প্ৰায় ৫ বজাত সংঘটিত হয় এই ঘটনা।

আৰক্ষীয়ে জনোৱা মতে, ৰাজস্থানৰ আজমেৰৰ পৰা দৰা আৰু তেওঁৰ পৰিয়ালকে ধৰি বিবাহ পাৰ্টী কঢ়িয়াই বিহাৰৰ পাটনালৈ গৈ আছিল বাহনখন।

আৰক্ষীয়ে জনোৱা মতে, গাড়ী চলাওঁতে জীপ চালকজন টোপনি যায় যাৰ ফলত দুৰ্ঘটনা সংঘটিত হয়।

স্থানীয় ৰাইজ আৰু টোল প্লাজাৰ কৰ্মচাৰীয়ে আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে বুলি তেওঁলোকে জানিবলৈ দিয়ে।

পিটিআইক আগ্ৰাৰ আৰক্ষী অধীক্ষক (পশ্চিম) সত্যজিত গুপ্তাই জনোৱা মতে, পৰিয়ালটোৰ তিনিজন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে চিকিৎসালয়ত চিকিৎসাৰ সময়ত জীপ চালকজনৰ মৃত্যু হয়।

আহতসকল আগ্ৰাৰ চি এইচ চি আৰু এছ এন মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে বুলিও তেওঁ জানিবলৈ দিয়ে।

মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু এজাহাৰ পঞ্জীয়ন হোৱাৰ পিছত অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে।