বৰমাত গন সুৰক্ষা পাৰ্টিৰ সংবাদমেল

67

বিধান সভা নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দল তৎপৰ । এনে সময়তে আজি বাক্সা জিলাৰ বৰমাত গন সুৰক্ষা পাৰ্টিয়ে এক সংবাদ মেল আয়োজন কৰি ৬২ নং বৰমা বিধান সভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰনীয়াক পুৰ্ন সমৰ্থন জনায় । বিটিচিৰ বাকী ১১ টা সমষ্টিত মিত্ৰজোটৰ ইউ পি পি এল আৰু বিজেপিৰ প্ৰাৰ্থীক সমৰ্থন জনোৱা বুলি ব্যক্ত কৰে । ইউ পি পি এলে বিজেপিৰ সৈতে বন্ধুত্বপুৰ্ণ ভাবে যিকেইটা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে । সেই কেইটা সমষ্টিত বিজেপি আৰু ইউ পি পি এলৰ লগত আলোচনা কৰিহে সমৰ্থন জনোৱা হব বুলি উল্লেখ কৰে । ইপিনে ৰঙীয়া সমষ্টিটোৰ এটা অংশ বিটিচিৰ অন্তৰ্ভুক্ত হোৱা হেতুকে উক্ত সমষ্টিটোত বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী ভৱেশ কলিতাক পুৰ্ণ সমৰ্থন জনায় গন সুৰক্ষা পাৰ্টিয়ে ।আনফালে অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সমিতিয়ে নৱ কুমাৰ শৰানীয়াক সমৰ্থন নকৰা সন্দৰ্ভত গন সুৰক্ষা পাৰ্টিয়ে অবড়ো সুৰক্ষা সমিতিৰ সভাপতি ললিত হেম্ৰাম আৰু সম্পাদক মাধৱ ৰাজবংশীক সংগঠনটোৰ পৰা পদত্যাগ কৰা নেতা বুলি কয় । দুয়োগৰাকী লোকে সম্প্ৰতি অবড়ো সুৰক্ষা সমিতিৰ একো দায়িত্বত নাই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে