বৰপেটা মেডিকেল কলেজ হাস্পতালত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

85

মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্রহন কৰিয়েই বৰপেটা মেডিকেল কলেজ হাস্পতালত উপস্থিত ড০ হিমন্ত বিশ্ব শৰ্মা। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বৰপেটা মেডিকেল কলেজ হাস্পতালত উপস্থিত হৈ হাস্পতালখনৰ কোভিড পৰিস্থিতিৰ বুজ লয়।

উল্লেখ্য যে, বৰ্তমানলৈকে জিলাখনত কোভিড সংক্ৰমিত ৰোগীৰ সংখ্যা অন্য জিলাৰ তুলনাত কম যদিও আন্তঃগাঁথনিৰ অভাৱৰ কাৰণে অনাগত দিনত কিছু পৰিৱেশ সলনি হোৱাৰ আকাংক্ষা কৰিছে বিভিন্ন মহলে। ইফালে হাস্পতালখন পৰ্যবেক্ষণ কৰি ১৫ টা বেদৰ আইচিইউৰ কাম দুই-তিনিদিনৰ ভিতৰত আৰম্ভ কৰাৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। তদুপৰি অক্সিজেন নিৰন্তৰ ভাৱে যোগান ধৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব বুলিও মন্তব্য কৰে তেওঁ।