বৰপেটাৰ সুন্দৰীদিয়া সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ জগন্নাথ অধিকাৰীৰ মৃত্যু৷ সত্ৰীয়া সংস্কৃতিৰ সাধকগৰাকীৰ যোৱা নিশা প্ৰায় ১১ বজাত চিকিৎসাধীন অৱস্থাত গুৱাহাটীৰ লাচিত নগৰত মৃত্যু হয় ৷
মৃত্যুৰ সময়ত বুঢ়া সত্ৰাধিকাৰ বাপজনাৰ বয়স হৈছিল প্ৰায় ৭২ বছৰ ৷ সত্ৰাধিকাৰ বাপজনাৰ মৃত্যুত সত্ৰনগৰী বৰপেটাৰ লগতে সমগ্ৰ ৰাজ্যজুৰি পৰিছে শোকৰ ছাঁ ৷ সুন্দৰীদিয়া সত্ৰখনৰ তেওঁ ডেকা সত্ৰাধিকাৰ হিচাপে সেৱা আগবঢ়াৱোৰ পিছত ২০১৬ চনত তেওঁক বুঢ়া সত্ৰাধিকাৰৰ দায়িত্ব অৰ্পণ কৰা হৈছিল ৷
দীৰ্ঘকাল সত্ৰীয়া সংস্কৃতিৰে জড়িত সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ অধিকাৰী অসম জাতীয় মহাসভাৰ কাৰ্যকৰী সভাপতি, অসম সত্ৰ মহাসভাৰ বৰপেটা জিলা সমিতিৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছিল ৷
মৃত্যুৰ সময়ত তেওঁ পত্নী, পুত্ৰৰ লগতে বহু আত্মীয়-স্বজনক এৰি থৈ যায় ৷ তেখেতৰ মৃত্যুত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা, ডেকাসত্ৰীয়া গৌতম পাঠক, বৰপেটাৰ প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাস, বৰপেটাৰ জিলা উপায়ুক্ত তেজপ্ৰসাদ ভূচাল, লেখক থানেশ্বৰ মালাকাৰ, বৰপেটা জিলা ছাত্ৰ সন্থাৰ সভাপতি কৃষ্ণকান্ত দাস, বৰপেটা জিলা বিজেপিৰ সভাপতি অনিল দাস, বৰপেটা জিলা অগপ, বৰপেটা সাহিত্য সভা, খিলঞ্জীয়া সুৰক্ষা মঞ্চকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোকপ্ৰকাশ কৰিছে ৷