বৰপেটাৰ ভেল্লাত ড্ৰাগছসহ সৰবৰাহকাৰী আটক

247

বৰপেটাৰ ভেল্লাত ড্ৰাগছ সহ দুগৰাকী যুৱক- মহিলাক আটক । গুৱাহাটীৰ পৰা বৰপেটা অভিমুখে আহি থকা অৱস্থাত বৰপেটা আৰক্ষীয়ে আটক কৰে দুয়োজনকে । ড্ৰাগছ সৰবৰাহত লিপ্ত থকা আটকাধীন যুৱকজন গুৱাহাটী গাড়ীগাঁৱৰ মকবুল আলী (৩০) বুলি জানিব পৰা গৈছে ।

ধৃত যুৱকজনে এগৰাকী মহিলাসহ AR-02B-4220 নম্বৰৰ এখন চাৰিচকীয়া বাহনেৰে ড্ৰাগছ খিনি সৰবৰাহ কৰিছিল । জানিব পৰা মতে, গোপন সূত্ৰৰ পম খেদি বৰপেটা সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জন দলৈৰ নেতৃত্বত ভেল্লাৰ নিকটৱৰ্তী দ্বৰ্গাহপুৰ চ’কত আবেলি ৪ মান বজাত আটক কৰে দুয়োজনকে ।

আটকাধীন যুৱকজনৰ পৰা ১৪.৯৯ গ্ৰাম ড্ৰাগছৰ টোপোলা এটা আৰু ৬ গ্ৰামৰ এটা কন্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে ।