বৰপেটাৰোড-মানাহ গড়কাপ্তানী পথত দুৰ্ঘটনাত থিতাতে নিহত যুৱক

57

নামনিৰ বৰপেটাৰোড-মানাহ গড়কাপ্তানী পথৰ বাজেগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী যুৱক থিতাতে নিহত হয়৷ তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত বাক্সাৰ কাটাঝাৰ গাঁৱৰ জাহিদুল ইছলাম নামৰ যুৱকজনৰ মৃত্যু হয়৷

যুৱকজনে কাটাঝাৰৰ পৰা নিজৰ AS-15-R-3860 নম্বৰৰ বাইকখনেৰে বৰপেটাৰোড অভিমুখে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা AS-15-AC-2051 নম্বৰৰ ডাম্পাৰখনৰ সৈতে মুখামুখি সংঘৰ্ষ লাগে৷ ফলত থিতাতে নিহত হয় বাইক আৰোহী জাহিদুল ইছলাম৷

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ৰাইজে ডাম্পাৰখনৰ কিছু ক্ষতিসধন কৰে যদিও বৰপেটাৰোড আৰক্ষী উপস্থিত হৈ মৃহদেহ আৰু বাহনদুখন নিজৰ জিম্মাত লয়৷ ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ট্ৰাকখনৰ চালক৷

পথটোত ডাম্পাৰৰ দৌৰাত্মৰ বাবেই এনে ঘটনা প্ৰায়ে সংঘটিত হৈ অহা বুলি ব্যক্ত কৰি শীঘ্ৰেই ডাম্পাৰসমূহক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীক দাবী জনায়৷