বৰপেটা চহৰৰ ওচৰৰ বনাঞ্চলৰ পৰা দুটা বনৰীয়া হাতী জনাঞ্চললৈ ওলাই হোৱাৰ পিছত জিলা দণ্ডাধীশে বৰপেটা চহৰত ১৪৪ ধাৰা জাৰি কৰিছে। যাৰ ফলত স্থানীয় লোকসকলৰ মাজত আতংকৰ সৃষ্টি হৈছে।
সোমবাৰে সন্ধিয়াৰ পৰা এই নিৰ্দেশ কাৰ্যকৰী হয়। বনৰীয়া হাতীদুটাক সুৰক্ষিত গন্তব্যস্থানলৈ লৈ যোৱাৰ পিছত এই নিৰ্দেশ প্ৰত্যাহাৰ কৰা হ’ব বুলি জানিবলৈ দিয়ে জিলা দণ্ডাধীশ তেজ প্ৰসাদ ভুচালে।
ইয়াৰ প্ৰতি লক্ষ্য ৰাখি বৰপেটা চহৰ আৰু ইয়াৰ আশে-পাশে ৰাজহুৱা আৰু যান-বাহনৰ চলাচলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
অৱশ্যে এই নিৰ্দেশ দণ্ডাধীশ, আৰক্ষী কৰ্মী, কৰ্তব্যৰত বন বিষয়া আৰু বিশেষভাৱে অনুমোদিত ব্যক্তিসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব বুলি জনোৱা হৈছে। বন্য হস্তী দুটাক অতি সোনকালে বনাঞ্চললৈ খেদি পঠিওৱাৰ প্ৰচেষ্টা চলি আছে।
