বৰপেটাত আৰক্ষীৰ গুলীত আহত ড্ৰাগছ ব্যৱসায়ী

93

এইবাৰ বৰপেটাত এনকাউণ্টাৰৰ ঘটনা। বৰপেটা চহৰৰ নিকটৱৰ্তী কেওটকুছিৰ জালাপুৰা দলঙৰ পাৰত আৰক্ষীৰ গুলীত আহত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী দিলোৱাৰ হুছেইন ৷

গোপন খবৰৰ ভিত্তিত বৰপেটা-হাজো-গুৱাহাটী পথৰ কেওঁটকুছি গাঁৱৰ জালাপুৰা দলঙৰ ওচৰত খাপ পিতি ৰৈ আছিল বৰপেটা আৰক্ষীৰ এটা দল৷ আৰক্ষীয়ে AS 01EU 9735 নম্বৰৰ বেলেনো বাহনখন ৰখোৱাৰ পিচতেই গাড়ীখনত থকা ড্ৰাগছ ব্যৱসায়ীটোৱে আৰক্ষীৰ বেহু ফালি পলাবলৈ লোৱাৰ সময়তে আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হয় ৷

আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী দিলোৱাৰলৈ লক্ষ্য কৰি দুই জাঁই গুলী চালনা কৰে আৰু এটা গুলী দিলোৱাৰ হুছেইনৰ ভৰিত লাগে ৷ ইয়াৰ পিছতেই দিলোৱাৰক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰায় ৷

উল্লেখ্য যে বৰপেটা থানাৰ অন্তৰ্গত পালহাজিৰ দিলোৱাৰ হুছেইন দীৰ্ঘদিন ধৰি ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত আছিল ৷ ড্ৰাগছ ব্যৱসায়ৰ গোচৰত কাৰাবন্দী হৈ থকা দিলোৱাৰ কিছুদিন পূৰ্বেহে কাৰাগাৰৰ পৰা ওলাই আহিছিল ৷ কিন্তু জে’লৰ পৰা ওলাই পুনৰ ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত হৈ পৰে দিলোৱাৰ ৷

এই ঘটনাৰ পিছতে বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহা (SP Amitabh Sinha)ই এক সংবাদমেল সম্বোধন কৰি এনকাউণ্টাৰৰ সকলো ঘটনাৰ বিষয়ে অৱগত কৰে ৷ আৰক্ষী অধীক্ষকজনে জনোৱা মতে সম্প্ৰতি বৰপেটাৰ বহু ড্ৰাগছ মাফিয়া কাৰাগাৰত সোমাই থকাৰ সুযোগ লৈ দিলোৱাৰে বৰপেটাত নতুনকৈ ড্ৰাগছৰ সাম্ৰাজ্য গঢ়ি তোলাৰ বাবে চেষ্টা চলাই আছিল ৷পূৰ্বে আনৰ অধীনত ড্ৰাগছ সৰবৰাহ কৰা দিলোৱাৰে শেহতীয়াকৈ বৰপেটাত নিজকে ড্ৰাগছ মাফিয়া হিচাপে গঢ়ি তোলাৰ বাবে চেষ্টা চলাই থকাৰ খবৰ লাভ কৰাৰ পিছতেই আজি আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ হয়।