বৰপেটাত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী অৱস্থান ধৰ্মঘট ৷

234

বৰপেটাত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী অৱস্থান ধৰ্মঘট ৷

APDCL , AEGCL আৰু APGCLত কৰ্মৰত অস্থায়ী কৰ্মচাৰীয়ে পালন কৰে এই ধৰ্মঘট ।

শক্তিখণ্ডত অস্থায়ী ভিত্তিত কৰ্মৰত কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত আজি বৰপেটা অৱস্থান ঘৰ্মঘট । বৰপেটাৰ বৈদ্যুতিক চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত আসাম ষ্টেট আউটচ’ৰ্চ পাৱাৰ ৱাৰ্কাৰ্চ ইউনিয়নৰ উদ্যোগত অস্থায়ী ভিত্তিত কৰ্মৰত কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ লগতে ১১টা দাবীত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে কৰ্মচাৰী সকলে ।

অসম চৰকাৰ লেই- লেই- চেই- চেই, আমাৰ চাকৰী নিয়মীয়া কৰক, অস্থায়ী ভিত্তিত কৰ্মৰত কৰ্মচাৰী জিন্দাবাদ আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে কৰ্মচাৰীসকলে ৷ ইয়াৰ পিছতে কৰ্মচাৰীসকলে বৰপেটা বৈদ্যুতিক চক্ৰৰ মুখ্য কাৰ্যবাহী বিষয়ালৈ এখন স্মাৰক পত্ৰও প্ৰদান কৰে ।
উল্লেখযোগ্য যে, ৰাজ্যৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছাৰ সৈতে পূৰ্বতে হোৱা আলোচনাৰ সময়তো এইসকল অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ কিন্তু আজিলৈকে সেইসকল অস্থায়ী কৰ্মচাৰীৰ চাকৰি নি়ম়মীয়া নহ’ল ৷ যাৰফলত ক্ষোভিত হৈ অৱস্থান ঘৰ্মঘট পালন কৰে অস্থায়ী কৰ্মচাৰীসকলে ।