বৰপথাৰৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক কোভিড ডিউটিতঃ বিনা চিকিৎসাই উভতিছে ৰোগী

64

সৰুপথাৰঃ বৰপথাৰ অঞ্চলৰ সৰ্বসাধাৰণৰ চিকিৎসাৰ একমাত্ৰ ভৰসাৰ স্থল বৰপথাৰ নগৰৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এতিয়া চিকিৎসাৰ অভাৱ। বিগত কিছু দিনৰ পৰা চিকিৎসালয় খনলৈ ৰোগী আহি চিকিৎসা অবিহনেও ঘৰলৈ উভতিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। এতিয়া স্বাস্থ্য কেন্দ্ৰটোৰ সমস্ত দায়িত্বই পালন কৰে নাৰ্ছ আৰু ষ্টাফে।

জানিব পৰা মতে, এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত দুগৰাকী চিকিৎসক আৰু এগৰাকী ফাৰ্মাচিষ্ট আছে। কিন্তু কোভিড ১৯ চিকিৎসাৰ পৰিপ্ৰেক্ষিতত ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰটোৰ এগৰাকী চিকিৎসক বৰ্তমান কোৱাৰেণ্টাইন হৈ থাকিবলগা হৈছে।

আনহাতে আনগৰাকী চিকিৎসক আৰু ফাৰ্মাচিষ্টো কোভিড ডিউটিত নিয়োজিত হৈ থকাত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ দায়িত্বত বৰ্তমান আছে ষ্টাফ আৰু নাৰ্ছহে। যাৰ ফলত চিকিৎসকৰ চিকিৎসা অবিহনেই ঘৰলৈ উভতিছে ৰোগী।