ধনশিৰি মহকুমাৰ বৰপথাৰত পুনৰ ড্ৰাগছসহ দুজনক আটক।
মহকুমাটোৰ সৰুপথাৰত আটক হোৱা ড্ৰাগছ সৰবৰাহকাৰী তিনিজনৰ অন্যতম মুকুট আলি ওৰফে ভাইজানৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি বৰপথাৰ নগৰ এলেকাত মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত চলা এক অভিযানত নগৰখনৰ চৈফ আলি আহমেদ আৰু কৰ্দ্দৈগুৰিৰ প্ৰাঞ্জল সন্দিকৈ নামৰ দুজন লোকক আটক কৰে।
ধৃত প্ৰাঞ্জল পেচাত এজন ডাম্পাৰ চালক।
অভিযানকালত আৰক্ষীয়ে ১.১ গ্ৰাম পৰিমাণৰ সন্দেহজনক নিচাযুক্ত দ্ৰব্য উদ্ধাৰ কৰাৰ লগতে এখন ডাম্পাৰ, দুখন দুচকীয়া বাহন, চাৰিটা মোবাইল হেণ্ডচেট আৰু তিনিটা প্লাষ্টিকৰ কণ্টেইনাৰ জব্দ কৰে।
পিছত গোলাঘাট আৰক্ষীৰ সৈতে চলোৱা যুটীয়া অভিযানত লুৰুকীহাটৰ পৰা টচডীক্ জাৰ্মান আৰু মৃদুল আলি নামৰ দুজন লোকক ২.২ গ্ৰাম পৰিমাণৰ সন্দেহজনক নিচাযুক্ত দ্ৰব্যসহ আটক কৰে।