বৰনগৰ বাসীৰ বাবে এক গৌৰৱ বিষয়। পুনৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ত উজ্জ্বলিল বৰনগৰ মহাবিদ্যালয় ।

174

পুনৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ত উজ্জ্বলিল বৰনগৰ মহাবিদ্যালয় ।বৰনগৰ বাসীৰ বাবে এক গৌৰৱৰ বিষয়। বৰনগৰ মহাবিদ্যালয়ত আনন্দ উল্লাখৰ পৰিবেশ দেখিবলৈ পোৱা গৈছে। ছাত্ৰ-ছাত্ৰীসকলকে আতচ বাদীৰে বৰনগৰ মহাবিদ্যালয়ৰ পৰিবেশ উৎসৱমুখী গঢ়ি তোলে । ভাৰতবৰ্ষৰ জনপ্ৰিয় আলোচনী India today ৰ সমীক্ষাত একেৰাহে তিনিবাৰকৈ শ্ৰেষ্ঠ মহাবিদ্যালয় স্থান দখল কৰে । বৰনগৰ মহাবিদ্যালয় পুনৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ত লাভ কৰিলে এই সফলতা । ভাৰতীয় জনপ্ৰিয় Open আলোচনীৰ সমীক্ষাত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হল বৰনগৰ মহাবিদ্যালয়। Open আলোচনী সমীক্ষাত সৰভোগৰ বৰনগৰ মহাবিদ্যালয় State Wise Ranking ৰ চতুৰ্থ স্থান আৰু East Zone Ranking ত বাৰ নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে । বৰনগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ বীৰেণ কুমাৰ চক্ৰৱৰ্তী নেতৃত্বত মহাবিদ্যালয় খন উন্নত শিক্ষাৰ দিশত আগুৱাই গৈছে বুলি বৰনগৰ মহাবিদ্যালয়ৰ অধ্যাপক ৰেজাউল কৰিম ছাৰে জানিব দিয়ে ।