বৰছলা আৰক্ষীৰ জালত ৫ জন কৈ জোৱাৰীক আটক

196

বৰছলা আৰক্ষীৰ জালত ৫ জন কৈ জোৱাৰীক আটক ।

লাহৰীঘাট থানাৰ অন্তগত নগাবন্দাৰ পৰা মৰিগাওঁ আৰক্ষীৰ এটা বিশেষ দলে হঠাৎ অভিয়ান চলাই দীৰ্ঘদিন ধৰি চলি থকা জোৱাৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হয় । অভিয়ানত ৫জন কৈ জোৱাৰীৰ লগতে এখন মটৰ চাইকেলৰ লগতে আৰু বহু সামগ্ৰী জব্দ কৰি বৰছলা আৰক্ষী চকীত চমজাই দিয়ে আৰু বৰছলা আৰক্ষীয়ে আজি জোৱাৰী কেইজনক জেল হাজতলৈ প্ৰেৰণ কৰে ।

এতিয়া প্ৰশ্ন হয় এই বিলাক জোৱাৰ ঘাটি লাহৰীঘাট আৰু বৰছলা আৰক্ষীৰ চকুত নপৰে নেকি ? নে,দেখোওঁ নেদেখাৰ ভাও ধৰি থাকে । যদি এই বিলাক সকলো মিছা তেনেহলে মৰিগাৱৰ পৰা অহা এটা বিশেষ দলে কিয় অভিয়ান চলাই উৎক্ষাত কৰিব লগা হল জোৱাৰ ঘাটী । এই প্ৰশ্ন এতিয়া স্থানীয় ৰাইজৰ মুখে মুখে ।