বৰগোলাইত ড্রাগছ সহ দুজন আটক

123

নিচাযুক্ত দ্রব্যৰ বিৰোদ্ধে আৰক্ষীৰ তীব্র অভিযান চলি থকাৰ মাজতো ড্রাগছ কানি আদি নিচাযুক্ত দ্রব্য প্রচলন বন্ধ হোৱা নাই | মাৰ্ঘেৰিটাৰ নগৰ গাওঁ সকলোতে এনে নিচা যুক্ত দ্রব্যৰ ব্যাপক প্রচলন হৈ থকাৰ অভিযোগ উত্থাপন হৈ আহিছে | বন্ধ হোৱা নাই নিচা যুক্ত দ্রব্যৰ সৰবৰাহ , প্রচলন। মাৰ্ঘেৰিটা আৰক্ষী থানাৰ আৰক্ষী বিষয়া প্রতাপ গগৈৰ নেতৃত্বত চলোৱা অভিযান কালত দুজন যুৱকক আটক কৰাৰ লগতে তেওঁ লোকৰ পৰা দুটা চাধা টেমাত ভৰাই থোৱা ড্রাগছ জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে গোপন সুত্রৰ ভিত্তিত মাৰ্ঘেৰিটাৰ উপকণ্ঠ অঞ্চলৰ বৰগোলাই পাণ্ডু ঘাটত আটক কৰে যুৱক দুজনক । আটকাধীন যুৱক দুজন ক্ৰমে দেৱাশীষ মণ্ডল (১৯) আৰু চিকণ্ডৰ মহম্মদ(১৮) ।দেৱাশীষৰ ঘৰ মাৰ্ঘেৰিটা অল্ড কলনীত আৰু আনজনৰ ঘৰ বোকাজানত বুলি জানিব পৰা গৈছে ।