বৰক্ষেত্ৰী সমষ্টিৰ লাউতোলাবাসীৰ দুৰ্ভোগ, বাৰে বাৰে নিৰ্মাণ কৰা পথৰ দুৰাৱস্থাত অতিষ্ঠ ৰাইজ

93

আইদুল হুছেইন, নলবাৰীঃ নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ লাউতোলাৰ এটা পথে এতিয়া দুৰ্ভোগ ভুগাইছে অঞ্চলবাসীক। চৰকাৰী আঁচনিৰ ধনবোৰো যেন কেৱল মধ্যভোগীৰ পকেট গৰম কৰিবলৈহে আৱন্টিত হয়। কিয়নো, স্থানীয় লোকৰ অভিযোগ যে এই পথটি নিৰ্মাণ কৰিবলৈ জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ অধীনত ধন আহিছিল যদিও পকীকৰণ হে নহ’ল।

আনকি ৰাস্তাটো ওখ নোহোৱাৰ ফলত তাৰ স্থানীয় ৰাইজৰ দুৰ্ভোগৰ সীমা নোহোৱা হৈছে। বিদ্যালয়-মহাবিদ্যালয়লৈ যোৱা আনকি কণ-কণ স্কুলীয়া ছাত্র-ছাত্ৰসকলেও স্কুললৈ যাব নোৱাৰে পথটিৰ দুৰৱস্থাৰ ফলত।