বৰক্ষেত্ৰীৰ বিভিন্ন অঞ্চলত গৰুৰ লাম্পীৰ ” প্ৰাদুৰ্ভাৱ ।
নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ বিভিন্ন অঞ্চলত এক শতাধিক অধিক গৰু আক্ৰান্ত হৈ মৃত্যু হয় ।
এই লৈ এতিয়া গো-পালকৰ মাজত হাহাকাৰ ময় পৰিস্থিতিৰ সৃষ্টি হৈছে।
বৰক্ষেত্ৰী অঞ্চলত বিভিন্ন প্ৰান্তত মাৰাত্মক লাম্পী নামৰ এই ৰোগ বিধে দেখা দিছে গৰুৰ শৰীৰত ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ বিভিন্ন প্ৰান্তত গৰুৰ গাত দেখা দিছে লাম্পী ৰোগে।
বৃহত্তৰ অঞ্চলত শ শ অধিক গৰু আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে ।
বিগত কিছু দিন ধৰি বৰক্ষেত্ৰী সমষ্টিৰ বিভিন্ন ঠাইত এই ৰোগে দেখা দিছে।
বিভিন্ন অঞ্চলত এই লাম্পীৰ প্ৰাদুৰ্ভাৱে চিন্তিত কৰি তুলিছে গো পালক সকলক ।
এই বেমাৰত কেইবাটাও গৰু মৃত্যু হৈছে ।