বৰক্ষেত্ৰীৰ আদৰ্শ গাঁৱৰ ৰাজপথত একাঁঠু বোকা পানী ৷
বৰ্ণিবাৰী প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত কৃত্ৰিম বান ৷
ঘাইপথৰ পানী নিস্কাষণৰ বাবে পথলৈ ওলাই আহিল স্থানীয় ব্যৱসায়ী ৷
নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ আদৰ্শ গাঁৱ হিচাপে চিহ্নিত বৰ্ণিবাৰী গাঁৱৰ ৰাজপথৰ শোচনীয় আৰু কদৰ্যময় ৰূপে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু পথচাৰীক দুৰ্ভোগ ভোগাইছে ৷ বিগত চাৰিমাহে আদৰ্শ গাঁওখনৰ মূলপথৰ ওপৰত একাঁঠু পৰ্য্যন্ত বোকা-পানীৰে ভৰি থকাত যাতায়ত সেৱাত দুৰ্ভোগ ভুগিছে অঞ্চলটোৰ ৰাইজে ৷ বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৫৫নং বৰ্ণিবাৰী-নপ্তিপাৰা গাঁও পঞ্চায়তৰ বৰ্ণিবাৰী গাঁৱক চৰকাৰে আদৰ্শ গাঁও হিচাপে স্বীকৃতি প্ৰদান কৰিছে যদিও গাঁওখনৰ মূল ঘাইপথৰ পয়ালগা অৱস্থাই বাৰুকৈ জ্বলাকলা খুৱাইছে পথচাৰীক ৷ আদৰ্শ গাঁওখনৰ ভিতৰত প্ৰৱেশ কৰা মূল পথটিৰ ওপৰত অৰ্থাৎ ১৬৩ নং বৰ্ণিবাৰী প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত সৃষ্টি হোৱা বোকা-পানীয়ে নৰক যন্ত্ৰণা সোধাইছে পথচাৰীসহ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীক ৷ বৰষুণ আহিলেই কৃত্ৰিম বানৰ উদ্ভৱ হোৱা ঘাইপথটোৰ ওপৰৰ পৰা পানী নিস্কাষণৰ ব্যৱস্থা নোহোৱাহেঁতুকে ৰাইজে দুৰ্ভোগ ভুগি আহিছে ৷ ১৬৩ নং বৰ্ণিবাৰী প্ৰাথমিক বিদ্যালয়ৰ সন্মুখ ভাগৰ কদৰ্যময় ৰূপৰ ফলত বিদ্যালয়ৰ ২০ মিটাৰ দূৰৈত থকা আদৰ্শ গাঁৱৰ বৃহৎ তোৰণখনেও আজি যেন লাঞ্চিত অনুভৱ কৰিছে ৷ বৰ্ণিবাৰী চ’ক বজাৰৰ মূল পথৰ ওপৰত সৃষ্টি হোৱা বাকা-পানীয়ে আদৰ্শ গাঁওখনৰ অন্যতম সমস্যা হিচাপে চিহ্নিত হোৱাৰ পিছতো ৫৫ নং গাঁও পঞ্চায়ত কৰ্তৃপক্ষই পথৰ ওপৰৰ পানী নিস্কাষণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ স্থানীয় ব্যৱসায়ী আৰু অঞ্চলটোৰ ৰাইজে পঞ্চায়ত প্ৰতিনিধি কিম্বা পঞ্চায়তৰ সচিবগৰাকীক পানী নিস্কাষণৰ বিষয়ে বাৰম্বাৰ অনুৰোধ জনায় অহাৰ পিছতো ৰাইজৰ সমস্যাক লৈ পিঠি দিয়াৰ অভিযোগ উঠিছে ৷ আদৰ্শ গাঁওখনত প্ৰেৱশ কৰা মূল পথটিৰ ওপৰত একাঁঠু বোকাপানীৰে উপচি থকাত স্থানীয় ব্যৱসায়ী সকলেও ব্যৱসায়ত যথেষ্ট লোকচানৰ সন্মুখীন হৈ আহিছে ৷ আজি স্থানীয় ব্যৱসায়ীসকলে কিছু সকাহ পোৱাৰ উদ্দেশ্যৰে পথচোৱালৈ ওলাই আহি পানী নিস্কাষণৰ বাবে নলা খান্দি পথৰ পানী ওলাই যোৱাৰ ব্যৱস্থা কৰে ৷ অঞ্চলটোৰ ৰাইজৰ দীৰ্ঘদিনীয়া এই সমস্যা সন্দৰ্ভত নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাক ব্যৱস্থা কৰিবলৈ আহ্বান জনায় ৷