ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰূপে নিৰ্বাচিত লিজ ট্ৰাছ

55

ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰীৰ ঘোষণা। ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হৈছে লিজ ট্ৰাছ। মাৰ্গাৰেট থেচাৰ আৰু থেৰেছাৰ পিছত তেওঁ ব্ৰিটেইনৰ তৃতীয়গৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয়। নতুন প্ৰধানমন্ত্ৰীৰ ঘোষণা কৰে ছাৰ গ্ৰেহাম ব্ৰেডিয়ে।

ব্ৰেডী কনজাৰ্ভেটিভ পাৰ্টিৰ ১৯২২ চনৰ কমিটি অৱ বেকবেঞ্চৰ সাংসদৰ অধ্যক্ষ আৰু দলটোৰ নেতৃত্ব নিৰ্বাচনৰ বাবে নিৰ্বাচনী বিষয়া। লিজ ট্ৰাছে ৮১৩২৬টা ভোট লাভ কৰাৰ বিপৰীতে ঋষি সুনাকে ৬০৩৯৯টা ভোট লাভ কৰে।

ঘোষণাৰ পিছত ট্ৰাছে কয় যে মোৰ বাবে প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাটো এক সন্মানৰ কথা। সকলো ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। মই ৰক্ষণশীল দলৰ নীতিসমূহ আগুৱাই লৈ যাম। কৰ হ্ৰাস কৰাৰ বাবে যাৱতীয় পদক্ষেপ লব।

একে সময়তে ব্ৰিটিছৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনক প্ৰশংসা কৰি কয় যে কোৰোনাৰ সময়ছোৱাত তেওঁ ভাল কাম কৰিছিল। উল্লেখ্য যে, জনছন চৰকাৰত ট্ৰাছ আছিল বৈদেশিক মন্ত্ৰী।