জোহান্সবাৰ্গত আৰম্ভ হোৱা পাঁচ দেশৰ সংগঠন ব্ৰিকছ সন্মিলনত আজি ভাষণ আগবঢ়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় ভাৰতে অৰ্থনৈতিক সংস্কাৰ আৰু প্ৰযুক্তিগত ক্ষেত্ৰত দ্ৰুত গতিত আগবাঢ়িছে। অহা বছৰসমূহত ভাৰত বিশ্বৰ বিকাশৰ ইঞ্জিন হিচাপে আত্মপ্ৰকাশ কৰিব। প্ৰধানমন্ত্ৰীয়ে দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত ভাষণ আগবঢ়াই তেওঁ
তেওঁ ব্ৰিকছ বিজেনেছ ফৰামৰ দশম বাৰ্ষিকীত অভিনন্দন জ্ঞাপন কৰি কয় যে ভাৰতৰ জনসাধাৰণে সংকল্প লৈছে যে ২০২৭ চনৰ ভিতৰত ভাৰত এখন উন্নত দেশ হ’ব। জোহান্সবাৰ্গত ব্ৰিকছ বিজেনেচ ফৰামৰ নেতাসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত শীঘ্ৰেই ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিত পৰিণত হ’ব আৰু অনাগত বছৰসমূহত বিশ্বৰ বিকাশৰ ইঞ্জিন হ’ব।
তেওঁ কয়-গোলকীয় অৰ্থনীতিত অস্থিৰতা থকা স্বত্বেও ভাৰত আজি বিশ্বৰ দ্ৰুততম বিকাশশীল মুখ্য অৰ্থনীতি। অতি সোনকালেই ভাৰত পাঁচ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিত পৰিণত হ’ব। ইয়াত কোনো সন্দেহ নাই যে অহা বছৰবোৰত ভাৰত বিশ্বৰ বিকাশৰ ইঞ্জিন হৈ পৰিব আৰু ইয়াৰ কাৰণ হৈছে যে ভাৰতে সংকট আৰু অসুবিধাক অৰ্থনৈতিক পুনৰুদ্ধাৰৰ সুযোগলৈ পৰিৱৰ্তন কৰিছে। উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ ৰ পৰা ২৪ আগষ্টলৈ দক্ষিণ আফ্ৰিকা ভ্ৰমণত আছে, য’ত তেওঁ জোহান্সবাৰ্গত চলি থকা ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিছে।