ব্ৰহ্মপুত্ৰৰ পানীৰ তলত নিৰ্মাণ হ’ব সুৰংগ

82

ষ্টাফৰিপৰ্টাৰ, ব্ৰহ্মপুত্ৰৰ পানীৰ তলত নিৰ্মাণ হ’ব এটা বৃহৎ সুৰংগ। এই সুৰংগটো চীনতকৈও ডাঙৰ আৰু দীঘল হ’ব। এইটোৱেই হ’ব দেশৰ প্ৰথমটো পানীৰ তলৰ সুৰংগ।
কেন্দ্ৰীয় চৰকাৰে ১৪.৮৫ কিলোমিটাৰ দীঘল সুৰংগ নিৰ্মাণৰ বাবে প্ৰস্তাৱিত সিদ্ধান্তক ইতিমধ্যে মঞ্জুৰী প্ৰদান কৰিছে।পথ পৰিবহন তথা ৰাজমাৰ্গ মন্ত্ৰালয়ৰ সাৰ্বজনিক উপক্ৰম এন এচ এই আই ডি চি এলে আমেৰিকাৰ কোম্পানীয়ে দাখিল কৰা নদীৰ তলত নিৰ্মান কৰিবলগীয়া ডিটেল প্ৰজেক্ট ৰিপ’ৰ্টত মঞ্জুৰি দিছে।নদীৰ তলত সুৰংগ নিৰ্মাণৰ বাবে আমেৰিকাৰ কোম্পানী লুইছ বৰ্জৰে ব্ৰহ্মপুত্ৰৰ তলত ১৪.৮৫ কিলোমিটাৰ দীঘল সুৰংগ নিৰ্মাণৰ প্ৰি ফিজিবিলটী ৰিপোৰ্ট আৰু ডি পি আৰ তৈয়াৰ কৰিছে।এই সুৰংগৰ জৰিয়তে সৈন্যৰ বাহন আৰু অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত বাহন ৮০ কিলোমিটাৰ প্ৰতি ঘন্টাৰ গতি কৰিব পাৰিব। ডিচেম্বৰ মাহৰপৰা আৰম্ভ হ’ব ইয়াৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব।
চাৰিলেনযুক্ত এই সুৰংগই অসমৰ গহপুৰ চহৰৰ পৰা নুমলীগড় চহৰক সংযোগ কৰিব। এই সুৰংগইদি অসম আৰু অৰুণাচলৰ মাজত যোগাযোগ অতি সুচল কৰিব।
এই সুৰংগটো চীনৰ পূৱত থকা তাইহু জলাশয়ৰ তলত নিৰ্মাণ হোৱা সুৰংগতকৈও অধিক দীঘল হ’ব।