ব্ৰহ্মপুত্ৰত সন্ধানহীন শ্ৰমিক, বিচাৰি চলিছে অভিযান…

263

গুৱাহাটীঃ গুৱাহাটীত মঙলবাৰে পুৱা ভুলবশতঃ নৈত পৰি এজন নিৰ্মাণ শ্ৰমিক এতিয়া সন্ধানহীন হৈ পৰিছে।

খবৰ অনুসৰি ভৰালুমুখ অঞ্চলৰ গুৱাহাটী-উত্তৰ গুৱাহাটী দলং নিৰ্মাণৰ কামত নিয়োজিত আছিল শ্ৰমিকজন।

খবৰ অনুসৰি এটা খুঁটাত কাম কৰি থকাৰ সময়তে তেওঁ পিছলি নদীত পৰি যায়।

নিৰুদ্দেশ হোৱা শ্ৰমিকজনৰ পৰিচয় এতিয়াও প্ৰকাশ কৰা নাই বিষয়াসকলে।

নিৰুদ্দেশ হোৱা শ্ৰমিকজনৰ সন্ধানত উদ্ধাৰকাৰী দল মোতায়েন কৰা হৈছে।