ব্লু ফিল্ম নিৰ্মাণৰ অভিযোগত গ্ৰেপ্তাৰ অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰা

184

ডিজিটেল ডেস্কঃ পৰ্ণগ্ৰাফিক ভিডিঅ’ নিৰ্মাণৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী তথা ব্যৱসায়ী ৰাজ কুন্দ্ৰা। সোমবাৰে নিশা মুম্বাই আৰক্ষীয়ে নিজ বাসভৱনৰ পৰা গ্ৰেপ্তাৰ কৰে ৰাজ কুন্দ্ৰাক।

মুম্বাই আৰক্ষীয়ে সদৰী কৰা মতে, পৰ্ণগ্ৰাফিক ছবি নিৰ্মাণ আৰু মোবাইল এপৰ জৰিয়তে তাৰ প্ৰচাৰৰ অভিযোগত ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰা হৈছে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত মুম্বাই আৰক্ষীৰ ওচৰত ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে এক গোচৰ ৰুজু হৈছিল। এই গোচৰৰ ভিত্তিতেই গ্ৰেপ্তাৰ কৰা হৈছে কুন্দ্ৰাক।