ব্যৰ্থ হাগ্ৰামা! আস্থা ভোটত জয়ী প্ৰমোদ বড়ো…

81

আস্থা ভোটত আস্থা হেৰুৱালে হাগ্ৰামা মহিলাৰীয়ে। বিটিচি পৰিষদীয় নিৰ্বাচনত ১৭খনকৈ আসন লাভ কৰা স্বত্বেও অৱশেষত পৰিষদ গঠন কৰাত বিফল হয় হাগ্ৰামা মহিলাৰী। ইফালে ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে বৃহস্পতিবাৰে আস্থা ভোটত অৱতীৰ্ণ হৈ ২২ গৰাকী পাৰিষদৰ সমৰ্থন লাভেৰে ইউপিপিএলৰ অধ্যক্ষ প্ৰমোদ বড়োৱে জয়লাভ কৰে।

উল্লেখ্য যে, সদ্য সমাপ্ত বিটিচি পৰিষদীয় নিৰ্বাচনৰ ফলাফলত হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলে ১৭ খন আসন লাভ কৰাৰ বিপৰীতে ১৫ খন আসন লাভ কৰিছিল ইউপিপিএল দলে। কিন্তু বিজেপি আৰু জিএছপিৰ সমৰ্থনত পাৰিষদ গঠনৰ বাবে প্ৰয়োজনীয় আসন লাভ কৰাত প্ৰমোদ বড়োৱে বিটিচিৰ প্ৰধানৰূপে শপত গ্ৰহণ কৰে। কিন্তু পৰৱৰ্তী সময়ত ন্যায়ালয়ৰ নিৰ্দেেশমৰ্মে বৃহস্পতিবাৰে আস্থা ভোটত অৱতীৰ্ণ হয় প্ৰমোদ বড়ো আৰু নতুন পৰিষদখন।

বৃহস্পতিবাৰে প্ৰমোদ বড়ো আস্থা ভোটত অৱতীৰ্ণ হোৱাৰ পূৰ্বে বিটিচি অধিৱেশনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিপিএফ পাৰিষদসকলে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰাত অধ্যক্ষই ১০ মিনিটৰ বাবে সদন স্থগিত ৰাখে। পিছত অধ্যক্ষৰ নিয়ন্ত্ৰণত অনুষ্ঠিত হোৱা আস্থা ভোটত বিজেপি, ইউপিপিএল আৰু জিএছপিৰ পাৰিষদসকলে হাত দাঙি প্ৰমোদ বড়োৰ সপক্ষে ভোটদান কৰে।

উল্লেখ্য যে, প্ৰমোদ বড়োই বিটিচিৰ নতুন প্ৰধান হিচাপে শপত গ্ৰহণ কৰাৰ পূৰ্বে বিপিএফে ইউপিপিএল আৰু গণ সুৰক্ষা পাৰ্টীৰ পাৰিষদক পদবী আৰু ধনৰ প্ৰলোভনেৰে ক্ৰয় কৰাৰ চেষ্টা চলোৱাৰ এক খবৰ পোহৰলৈ আহিছিল। সেই সময়ত নিৰাপত্তাজনীত কাৰণত হোটেল লিলিত বাহৰ পাতি থকা বিজেপি, ইউপিপিএল আৰু জিএছপিৰ পাৰিষদক প্ৰলোভন দিয়াৰ বাবে বিপিএফৰ এজেণ্ট হোটেলত প্ৰৱেশ কৰাৰ বিস্ফোৰক তথ্যও পোহৰলৈ আহিছিল।