ব্যক্তিগত সংঘাতঃ হোজাইত আটক দুই বিজেপি নেতা

64

ব্যক্তিগত সংঘাতৰ পৰিণতিত হোজাইৰ ভালুকমাৰীত নিশা আৰক্ষীয়ে আটক কৰিলে দুই বিজেপি নেতাক। বিজেপিৰ জিলা কিষাণ মৰ্চাৰ উপ সভাপতি মাণিক গোস্বামী আৰু প্ৰাক্তন জিলা সম্পাদক ৰাজেশ চৌবেৰ মাজত ভূমি সংক্ৰান্তিয় বিষয়ক লৈ সৃষ্টি হোৱা সংঘাতে এতিয়া অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মাণিক গোস্বামীয়ে আৰক্ষীৰ ওচৰত দাখিল কৰা অভিযোগ অনুসৰি, এগৰাকী মহিলাৰ সৈতে চলা ভূমি বিবাদ সংক্ৰান্তত ৰাজেশ চৌবেৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰিছিল মাণিক গোস্বামীয়ে। তাৰ বাবেই ক্ষুব্ধ ৰাজেশ চৌবেয়ে তেওঁৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে মাণিক গোস্বামীয়ে।

আনহাতে ৰাজেশ চৌবেয়ে আৰক্ষীক ওচৰত দাখিল কৰা এজাহাৰত নিশা মাণিক গোস্বামীয়ে গুণ্ডা বাহিনীক লগত লৈ তেওঁৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগ তোলে। দুই বিজেপি নেতাই ইজনে সিজনৰ ওপৰত দাখিল কৰা এজাহাৰৰ ভিত্তিতেই নিশা আৰক্ষীয়ে দুয়োজনক আটক কৰি থানালৈ লৈ আনে।

ইপিনে দুয়ো নেতাৰ অভিযোগ-প্ৰত্যাভিযোগে অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে ঘটনাৰ প্ৰকৃততাক লৈও ৰহস্যৰ সৃষ্টি কৰিছে।