ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাছুল ৫০ শতাংশ ৰেহাই দিয়াৰ আহ্বান- আন্ত: ৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ

71

ষ্টাফৰিপৰ্টাৰ, ৩ জুলাই : ক’ভিড-১৯ ৰ বাবে লকডাউন হোৱাৰ পৰিপ্ৰেক্ষিতত আৰ্থিক সমস্যাৰ সন্মুখীন হোৱা ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাছুল ৫০ শতাংশ ৰেহাই দিয়াৰ ব্যৱস্থা কৰি অভিভাৱক সকলক কিছু সকাহ দিয়াৰ বাবে আন্ত: ৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ মানৱ সম্পদ উন্নয়ন বিভাগে চৰকাৰক আহ্বান জনাইছে। এই সম্পৰ্কে পৰিষদৰ ৰাজ্যিক সভাপতি আব্দুৰ ৰাজীৱে কয় ” এই সম্পর্কে শিক্ষামন্ত্ৰীকো ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহক ছাত্র-ছাত্ৰীৰ মাছুল ৫০ শতাংশ ৰেহাই দিয়াৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনালোঁ।” এই দাবী সন্দৰ্ভত পৰিষদে ই-মেইল যোগে শিক্ষা বিভাগৰ আয়ুক্ত সচিব, শিক্ষা মন্ত্ৰী, ৰাজ্য চৰকাৰৰ মুখ্য সচিব, আন্ত:ৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ ৰাষ্ট্ৰীয় সম্পাদক, ৰাজ্যৰ সকলো উপযুক্তলৈ একোখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।