ষ্টাফ ৰিপোৰ্টাৰ, ২৫ এপ্ৰিলঃ সাম্প্ৰতিক পৰিস্থিতিত পশুপালক সকলৰ সমস্যা সম্পৰ্কত শনিবাৰে কামৰূপ জিলাৰ বোন্দা, পানীখাইতি, চন্দ্ৰপুৰ, হাতীবাগৰা, গোৱৰ্ধন আদিত আজি পুৱাই উপস্থিত হৈ অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই পশুচিকিৎসা বিষয়া আৰু পশু চিকিৎসক সকলৰ উপৰিও বহুকেইগৰাকী পশুপালকৰ লগত মত বিনিময় কৰে। লক ডাউনৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ পশুপালক সকলে সন্মুখীন বিভিন্ন সমস্যাৰ বুজ লবলৈ আজি ৰাতিপুৱাই গৈ বোন্দা পশু চিকিৎসা উপকেন্দ্ৰত উপস্থিত হৈ পশু চিকিৎসা বিষয়া, চিকিৎসক আদিৰ লগত এক পয্যালোচনা সভাত মিলিত হয় আৰু পশুৰ প্ৰতিষেধক, ঔষধ আৰু পশুখাদ্য আদিৰ সন্দৰ্ভত আলোচনা কৰে। অধ্যক্ষ গৰাকীয়ে বোন্দা, চন্দ্ৰপুৰ, পানীখাইতি, হাতীবাগৰা, গোৱৰ্ধন এই বৃহত্তৰ অঞ্চলকেইটাৰ কেইবাখনো পশুপাম পৰিদৰ্শন কৰাৰ লগতে কেইবাজনো পশুপালকৰ লগতো আলোচনা কৰে আৰু পশুপালক সকলে সন্মুখীন হোৱা সমস্যা সমাধানৰ বাবে তাৎক্ষণিক ভাৱে বিষয়াসকলক ব্যৱস্থা লবলৈ নিৰ্দেশ দিয়ে। অধ্যক্ষ শইকীয়াই এই পামসমূহ পৰিৰ্দশণ কৰি চিকিৎসক সকলক পশুপালক সকলৰ লগত সঘন যোগাযোগ ৰক্ষা কৰিবলৈ কয়। অধ্যক্ষ গৰাকীৰ লগতে বিভাগৰ জিলা পশুপালন বিষয়া, নিগমৰ পশু চিকিৎসা বিষয়া আৰু কেইবাগৰাকীও পশু চিকিৎসক উপস্থিত থাকে।
