অসমলৈ অবৈধভাৱে বৃহৎ পৰিমাণৰ সোণ চোৰাং কৈ সৰবৰাহ কৰিবলৈ চেষ্টা চলোৱা দুজন চোৰাং ব্যৱসায়িক শনিবাৰে বোকাজানত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।
কাৰ্বি আংলং জিলাৰ বোকাজানত আৰক্ষীয়ে চলোৱা এক তালাচী অভিযানত মণিপুৰৰ দুজন চোৰাং ব্যৱসায়ীক ৰাজ্যখনলৈ অবৈধভাৱে প্ৰায় ৮ কিলোগ্ৰাম সোণ চোৰাং সৰবৰাহ কৰাৰ চেষ্টা কৰাৰ বাবে আটক কৰে।
জানিব পৰা মতে সোণখিনি চোৰাংকৈ অনা ট্ৰাকখন মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল। আৰক্ষীয়ে অনুসন্ধান কৰি সোণখিনি ট্ৰাকৰ ইঞ্জিনৰ ওচৰত লুকুৱাই ৰখা অৱস্থাৰ পৰা উদ্ধাৰ কৰে।
সোণৰ চোৰাং সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে আটক কৰা চোৰাং ব্যৱসায়ী দুজনক মণিপুৰৰ প্ৰকাশ সুভাষ আৰু প্ৰকাশ বাসনেট বুলি চিনাক্ত কৰা হৈছে। ইফালে, জব্দ কৰা সোণৰ বজাৰ মূল্য প্ৰায় ৪ কোটি বুলি জানিব পৰা গৈছে।
