বোকাজানত ১৫ কোটি টকা মূল্যৰ মৰ্ফিন জব্দ, দুজনক গ্ৰেপ্তাৰ

256

অসম আৰক্ষীয়ে শনিবাৰে অভিযান চলাই কাৰ্বি আংলং জিলাৰ বোকাজানৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।

দিলাই অঞ্চলত আৰক্ষীয়ে জব্দ কৰে ১৫ কোটি টকাৰ প্ৰায় চাৰি কিলোগ্ৰাম মৰ্ফিন।

ইয়াৰ লগত জড়িত দুজন চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হয়, যাৰ নাম হেমখোলাল লুংকিন আৰু মিনলাল হাউকিপ বুলি জানিব পৰা গৈছে।

সূত্ৰই জনোৱা মতে, ‘ইউ পি-১৪-বিভি-৪২৩৪’ নম্বৰৰ এখন বাহনত মণিপুৰৰ পৰা শিলিগুৰিলৈ ড্ৰাগছ সৰবৰাহ কৰি থকা অৱস্থাত চোৰাং ব্যৱসায়ী দুজনক কৰায়ত্ত কৰে আৰক্ষীয়ে।

ইয়াৰ পূৰ্বে আজি উত্তৰ গুৱাহাটীৰ আমিনগাঁৱত ১ কোটি টকাৰ হেৰ’ইনসহ এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।

কাৰ্বি আংলঙৰ পৰা অহা এজন বেপাৰীৰ পৰা জব্দ কৰা হৈছে হেৰ’ইন ভৰ্তি ১৫টা পেকেট।

জানিব পৰা মতে, গুৱাহাটীত জব্দ কৰাৰ পূৰ্বে শিলিগুৰিলৈ সৰবৰাহ কৰা হৈছিল ড্ৰাগছখিনি।