বোকাজানৰ বৰপথাৰত আৰক্ষীৰ বৃহৎ সফলতা।
যাত্ৰী বাহী বাছৰ পৰা ,জব্দ বৃহৎ পৰিমানৰ মণিপুৰী গাঞ্জা৷
ডিমাপুৰৰ পৰা গোলাঘাট অভিমুখে গৈ থকা বাছৰ পৰা জব্দকৰে গাঞ্জাখিনি।
AS12AC3477 নম্বৰৰ বাছৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৫২ কেজি গাঞ্জা৷
বৰপথাৰ আৰক্ষীৰ নাকা চেকৰ পৰা জব্দ কৰা হৈছে গাঞ্জাখিনি৷
এজন সৰবৰাহকাৰীকো আটক কৰিছে আৰক্ষীয়ে।
ধৃত সৰবৰাহকাৰীজনৰ নাম আজমল হুচেইন বুলি জানিব পৰা গৈছে।
সৰবৰাহকাৰীটোৱে গাঞ্জা খিনি নগাঁৱলৈ সৰবৰাহ কৰিছিল বুলি জানিব পৰা গৈছে।
জব্দকৃত গাঞ্জা খিনিৰ বজাৰ মূল্য পাচঁ লাখৰো অধিক হ’ব বুলি জানিব পৰা গৈছে৷
