বোকাজানত বৃহৎ পৰিমাণৰ হেৰোইনসহ এজনক আটক

313

কাৰ্বি আংলং জিলাৰ বোকাজানত বৃহৎ পৰিমাণৰ হেৰ’ইনসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

নিৰ্দিষ্ট তথ্যৰ ভিত্তিত দিলাই তিনিআলিত এখন বলেৰ’ পিকআপ বাহনৰে সৰবৰাহ কৰাৰ সময়তে আৰক্ষীয়ে অভিযান চলাই হেৰ’ইন ভৰ্তি ১৯টা চাবোনৰ বাকচ উদ্ধাৰ কৰে। জব্দ কৰা হেৰ’ইনৰ ওজন প্ৰায় ২৪১ গ্ৰাম।

বাহনখনৰ পঞ্জীয়ন নম্বৰ এ এছ ০২ বি চি ৭৬৩৮।

ধৃত চোৰাং ব্যৱসায়ীজন হাউৰাঘাট নিবাসী ৰবীন্দ্ৰ দাস (৩০) বুলি জানিব পৰা গৈছে।

এটা গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।