বোকাজানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ ২ সৰবৰাহকাৰীক আটক

80

কাৰ্বি আংলং জিলাৰ বোকাজানত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে সৰবৰাহকাৰী দুজনে এখন নম্বৰ প্লেট বিহীন ৱাগন আৰ বাহনেৰে ড্ৰাগছখিনি সৰবৰাহ কৰি থকাৰ সময়তে আৰক্ষীয়ে জব্দ কৰে। আৰক্ষীয়ে ৫১ টা চাবোনৰ কেচত ভৰাই অনা ৬৬০ গ্ৰাম ড্ৰাগছ জব্দ কৰিছে।

ডিমাপুৰৰ পৰা গুৱাহাটীলৈ কঢ়িয়াই নিয়াৰ সময়ত আৰক্ষীয়ে ড্ৰাগছসহ সৰবৰাহকাৰী দুজনক আটক কৰে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ড্ৰাগছ সৰবৰাহকাৰীসকলে ড্ৰাগছ মাফিয়া বাবা হাজৰিকাক ড্ৰাগছ যোগান ধৰি আহিছিল। যাক ৪ জানুৱাৰীত আটক কৰা হৈছিল।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনক আচুখ আৰু এছ চিলা বুলি চিনাক্ত কৰা হৈছে। দুয়োজনেই নাগালেণ্ডৰ চুমাকদিমাৰ বাসিন্দা। জব্দকৃত ড্ৰাগছ খিনিৰ বজাৰ মূল্য প্ৰায় ৫ কোটি টকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।