বোকাজানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুজনক আটক, পলায়নৰ চেষ্টা কৰা ড্ৰাগছ ব্যৱসায়ীলৈ আৰক্ষীৰ গুলিচালনা

75

কাৰ্বি আংলং আৰক্ষীয়ে মঙলবাৰে নিশা বোকাজানৰ মাটিপুলত অভিযান চলাই বৃহৎ পৰিমাণৰ হেৰোইনসহ দুজন ড্ৰাগছ ব্যৱসায়িক আটক কৰিবলৈ সক্ষম হয়।

ধৃত ড্ৰাগছ ব্যৱসায়ী দুজনক বিমল তাচা আৰু ছাদ্দাম হুছেইন বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী দুজনৰ পৰা ১কেজি ৭৭৭ গ্ৰাম নিষিদ্ধ হেৰোইন জব্দ কৰে। জব্দকৃত ড্ৰাগছখিনিৰ মূল্য প্ৰায় ১২ কোটি হব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

ড্ৰাগছ ব্যৱসায়ী দুজনে ১৫০ টা চাবোন বাকচত পেক কৰি ড্ৰাগছখিনি এএছ ০৯ এইচ 4234 নম্বৰৰ স্কুটিৰে গোলাঘাট জিলাৰ সৰুপথাৰলৈ সৰবৰাহ কৰি থকাৰ সময়তে আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছখিনি জব্দ কৰে।

ইফালে আৰক্ষীয়ে কৰায়ত্ত কৰাৰ পিছত ছাদ্দাম হুছেইন নামৰ ড্ৰাগছ ব্যৱসায়ী জনে পলায়নৰ চেষ্টা কৰাত আৰক্ষীয়ে গুলিচালনা কৰিবলৈ বাধ্য হয়।