বোকাজানত বুজন পৰিমাণৰ ড্ৰাগছ সহ আৰক্ষীৰ জালত এটা সৰবৰাহকাৰী।
আজি পুৱা কাৰাগাওঁ তহলদাৰী আৰক্ষী চকীত এজন লোকক তালাচী চলাই আৰক্ষীয়ে 47টা চাবোনৰ বাকচত 583.08 গ্ৰাম হেৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
হেৰইন সহ আৰক্ষীয়ে কৰিমগঞ্জ জিলাৰ গুৱাছপুৰৰ চামছুল হক নামৰ এটা সৰবৰাহকাৰীক আটক কৰি জেৰা অব্যাহত ৰাখিছে।
জব্দকৃত হেৰইন খিনিৰ বজাৰ মূল্য 3কোটিতকৈ অধিক হব বুলি আৰক্ষীয়ে অনুমান কৰিছে।