নিউজ ডেস্কঃ সশস্ত্ৰ সংগ্ৰামৰ পথ এৰি মূলসুঁতিলৈ ঘূৰি আহিল অল আদিবাসী নেচনেল লিবাৰেশ্যন আৰ্মী চমুকৈ এএএনএলএৰ ১৩ জন কেডাৰে।
দেওবাৰে কাৰ্বি আংলং জিলাৰ বোকাজান আৰক্ষী থানাত সশস্ত্ৰ সংগঠনৰ কেডাৰ কেইজনে অস্ত্ৰ সম্বৰণ কৰে। টুইটযোগে এই কথা জানিবলৈ দিয়ে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে।
টুইটযোগে জিপি সিঙে লিখিছে, ‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা শান্তিৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এএএনএলএৰ ১৩ জন কেডাৰে বোকাজান আৰক্ষী থানাত অসম আৰক্ষী আৰু চিআৰপিএফৰ বিষয়াৰ উপস্থিতিত হিংসাৰ পথ ত্যাগ কৰি অস্ত্ৰ সম্বৰণ কৰে।’
উল্লেখ্য যে, ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ জানুৱাৰী মাহত ইউনাইটেড গোৰ্খা পিপলছ অৰ্গেনাইজেশ্যন (ইউজিপিঅ’) আৰু টিৱা লিবাৰেচন আৰ্মী (টিএলএ)ৰ প্ৰায় ২৪৬ জন কেডাৰে আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত আত্মসমৰ্পণ কৰিছিল।
